Workplace বিপণনৰ গোপনীয়তা নীতি

অন্তিমবাৰ সংশোধন কৰা হৈছে: 10 অক্টোবৰ 2023-ত
সমলৰ তালিকা
  1. আইনী তথ্য
  2. আমি সংগ্ৰহ কৰা তথ্য
  3. আমি আপোনাৰ তথ্য কেনেকৈ প্ৰক্ৰিয়াকৰণ কৰোঁ
  4. আমি ভাগ-বতৰা কৰা তথ্য
  5. নিজৰ অধিকাৰ কেনেকৈ পালন কৰিব
  6. আপোনাৰ তথ্য ধৰি ৰখা
  7. আমাৰ গোলকীয় সঞ্চালন
  8. প্ৰক্ৰিয়াকৰণৰ বাবে আমাৰ আইনী ভিত্তি
  9. গোপনীয়তা নীতিত কৰা আপডে’টসমূহ
  10. আপোনাৰ তথ্যৰ বাবে কোন দায়বদ্ধ
  11. আমাৰ সৈতে যোগাযোগ কৰক

1. আইনী তথ্য

এই গোপনীয়তা নীতিয়ে (“গোপনীয়তা নীতি”) আমাৰ workplace.com (“ছাইটসমূহ”) (Workplace সেৱাসমূহৰ পৰা পৃথকভাৱে) আৰু আমাৰ বিপণন আৰু প্ৰতিক্ৰিয়া ভিত্তিক কাৰ্যকলাপসমূহকে (সামূহিকভাৱে “কাৰ্যকলাপসমূহ”) ধৰি ৱেবছাইটসমূহৰ ব্যৱস্থাৰ সৈতে সংগতি ৰাখি আমাৰ ডাটা পদ্ধতিসমূহ ব্যাখ্যা কৰে। এই গোপনীয়তা নীতিত, আমি আমাৰ ছাইট আৰু কাৰ্যকলাপসমূহৰ সৈতে সংগতি ৰাখি আপোনাৰ বিষয়ে সংগ্ৰহ কৰা তথ্যসমূহ ব্যাখ্যা কৰোঁ। তাৰ পিছত আমি এই তথ্যসমূহ কেনেকৈ প্ৰক্ৰিয়াকৰণ আৰু ভাগ-বতৰা কৰোঁ আৰু আপোনাৰ থাকিব পৰা অধিকাৰসমূহ আপুনি কেনেকৈ পালন কৰিব সেই বিষয়ে ব্যাখ্যা কৰোঁ।
“Meta”, “আমি”, “আমাৰ” বা “আমাক”-ৰ অৰ্থ হৈছে “আপোনাৰ তথ্যৰ বাবে কোন দায়বদ্ধ”ত উল্লেখ কৰা এই গোপনীয়তা নীতিৰ অধীনত ব্যক্তিগত তথ্য সংগ্ৰহ আৰু ব্যৱহাৰৰ বাবে দায়বদ্ধ Meta সংস্থাটো।
Workplace-ৰ সেৱাসমূহ: এই গোপনীয়তা নীতি আমি আমাৰ গ্ৰাহকসকলক প্ৰদান কৰা অনলাইন Workplace-ৰ সামগ্ৰীৰ আপুনি কৰা ব্যৱহাৰৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়, যিয়ে ব্যৱহাৰকাৰীসকলক কৰ্মক্ষেত্ৰত সহযোগিতা কৰিবলৈ আৰু তথ্য ভাগ-বতৰা কৰিবলৈ দিয়ে আৰু ইয়াত Workplace-ৰ সামগ্ৰী এপ্‌ আৰু সম্পৰ্কীয় অনলাইন সেৱাসমূহ (একেলগে "Workplace-ৰ সেৱাসমূহ") অন্তৰ্ভুক্ত। আপোনাৰ Workplace-ৰ সেৱাসমূহৰ ব্যৱহাৰ ইয়াত উপলব্ধ “Workplace-ৰ গোপনীয়তা নীতি”ৰ দ্বাৰা পৰিচালিত৷

2. আমি সংগ্ৰহ কৰা তথ্য

আমি আপোনাৰ বিষয়ে তলত দিয়া তথ্যসমূহ সংগ্ৰহ কৰোঁ:
আপোনাৰ যোগাযোগৰ তথ্য। আমি আপোনাৰ ইমেইল ঠিকনা আৰু সাধাৰণ তথ্য যেনে- আপোনাৰ নাম, চাকৰিৰ নাম, সংস্থাৰ নাম আৰু ফোন নম্বৰ এইসমূহ পৰিস্থিতিত সংগ্ৰহ কৰোঁ: Workplace-কে ধৰি আপুনি আমাৰ সামগ্ৰীৰ সৈতে জড়িত তথ্য অনুৰোধ কৰিলে, সম্পদ ডাউনলোড কৰিলে, বিপণন সামগ্ৰীৰ বাবে ছাইন-আপ কৰিলে, আমাৰ কোনো অনুষ্ঠান বা অধিৱেশনৰ বিনামূলীয়া ট্ৰায়েলৰ অনুৰোধ কৰিলে বা তাত অংশগ্ৰহণ কৰিলে। যদি আপুনি আমাক এই তথ্য প্ৰদান নকৰে, তেন্তে আপুনি আপোনাৰ Workplace-ৰ বিনামূলীয়া ট্ৰায়েল আৰম্ভ কৰিবলৈ একাউণ্ট সৃষ্টি কৰিব নোৱাৰিব, উদাহৰণস্বৰূপে৷ যদি আপুনি আপোনাৰ সংস্থাৰ একাউণ্টৰ প্ৰশাসক, তেন্তে আপুনি আমাৰ পৰা বিপণন-সম্পৰ্কীয় ইলেক্ট্ৰনিক যোগাযোগ লাভ কৰিবলৈ সন্মতি দিলে আমি আপোনাৰ যোগাযোগৰ তথ্য সংগ্ৰহ কৰোঁ৷
আপুনি আমাক দিয়া তথ্য। আপুনি আমাৰ সৈতে যোগাযোগ কৰিলে আপুনি আমাক অন্য তথ্যও দিব পাৰে। তথ্যৰ ধৰণ আপুনি আমাৰ সৈতে কিয় যোগাযোগ কৰে তাৰ ওপৰত নিৰ্ভৰ কৰে। উদাহৰণস্বৰূপে, আপুনি যদি আমাৰ ছাইটসমূহ ব্যৱহাৰ কৰোঁতে কিবা সমস্যা পাইছে, আপুনি আমাক আপোনাৰ সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ সহায়ক বুলি ভবা তথ্যৰ লগতে আপোনাৰ সৈতে অমি কেনেকৈ যোগাযোগ কৰিম তাৰ বিৱৰণ (যেনে- ইমেইল ঠিকনা) প্ৰদান কৰিব পাৰে। উদাহৰণস্বৰূপে, আপুনি আমাৰ ছাইটৰ পাৰদৰ্শিতা বা অন্য সমস্যাৰ সৈতে জড়িত তথ্যৰ সৈতে আমালৈ এটা ইমেইল প্ৰেৰণ কৰিব পাৰে। একেদৰে, যদি আপুনি আমাৰ পৰা Workplace-ৰ সেৱাসমূহৰ বিষয়ে তথ্য বিচাৰে, আপুনি আপোনাৰ প্ৰশ্নৰ উত্তৰ দিয়াত আমাক সহায় কৰিবলৈ আপুনি ক'ত কাম কৰে বা অন্য তথ্য আমাক দিব পাৰে।
সমীক্ষা আৰু সঁহাৰিৰ তথ্য। আপুনি আমাৰ সমীক্ষা বা সঁহাৰি সম্পৰ্কীয় পেনেলত ঐচ্ছিকভাৱে অংশগ্ৰহণ কৰিলেও আমি আপোনাৰ বিষয়ে তথ্য লাভ কৰোঁ। উদাহৰণস্বৰূপে, আমি তৃতীয় পক্ষৰ সেৱা প্ৰদানকাৰীৰ সৈতে কাম কৰোঁ যিয়ে আমাৰ বাবে সমীক্ষা আৰু সঁহাৰি সম্পৰ্কীয় পেনেলসমূহ পৰিচালনা কৰে, যেনে সঁহাৰি সম্পৰ্কীয় পেনেলত অংশগ্ৰহণ কৰিবলৈ বাছনি কৰা Workplace-ৰ গ্ৰাহকৰ এটা সমুদায়ৰ আয়োজন কৰে। এই কোম্পানীসমূহে আমাক কিছুমান বিশেষ পৰিস্থিতিত আপোনাৰ বিষয়ে সংগ্ৰহ কৰা তথ্য প্ৰদান কৰে, য'ত আপোনাৰ বয়স, লিংগ, ইমেইল, আপোনাৰ ব্যৱসায়িক ভূমিকা আৰু আপুনি আমাৰ সামগ্ৰীসমূহ ব্যৱহাৰ কৰাৰ উপায়সমূহৰ বিৱৰণ আৰু আপুনি প্ৰদান কৰা আপোনাৰ সঁহাৰি অন্তৰ্ভুক্ত।
ব্যৱহাৰ আৰু লগৰ তথ্য। আমি আমাৰ ছাইটসমূহত আপোনাৰ কাৰ্যকলাপ সম্পৰ্কীয় তথ্য সংগ্ৰহ কৰোঁ, যেনে- সেৱা-সম্পৰ্কীয়, ডায়েগন'ষ্টিক আৰু পাৰদৰ্শিতাৰ তথ্য৷ ইয়াত আপোনাৰ কাৰ্য্যকলাপ বিষয়ক তথ্য (আপুনি আমাৰ ছাইট কেনেকৈ ব্যৱহাৰ কৰে আৰু আপোনাৰ কাৰ্য্যকলাপৰ সময়, সঘনতা আৰু সময়সীমাকে কৰি), সাৰণিৰ ফাইল আৰু ডায়েগন'ষ্টিক, ক্ৰেশ্ব, ৱেবছাইট আৰু পাৰদৰ্শিতাৰ সাৰণি আৰু প্ৰতিবেদনসমূহ অন্তৰ্ভুক্ত৷
ডিভাইচ আৰু সংযোগৰ তথ্য। আপুনি আমাৰ ছাইটসমূহ এক্সেছ বা ব্যৱহাৰ কৰিলে আমি ডিভাইচ আৰু সংযোগ-নিৰ্দিষ্ট তথ্য সংগ্ৰহ কৰোঁ৷ ইয়াৰ ভিতৰত হাৰ্ডৱেৰৰ মডেল, অপাৰেটিং চিষ্টেমৰ তথ্য, বেটাৰীৰ স্তৰ, সংকেতৰ শক্তি, এপৰ সংস্কৰণ, ব্ৰাউজাৰৰ তথ্য, ম'বাইল নেটৱৰ্ক, সংযোগৰ তথ্য (ফোন নম্বৰ, ম'বাইল অপাৰেটৰ বা ISPকে ধৰি), ভাষা আৰু সময় মণ্ডল, আইপি ঠিকনা, ডিভাইচৰ কাৰ্যকলাপৰ তথ্য আৰু চিনাক্তকৰ্তা আদিৰ দৰে তথ্য অন্তৰ্ভুক্ত (য'ত একেটা ডিভাইচ বা একাউণ্টৰ সৈতে জড়িত Meta কোম্পানীৰ সামগ্ৰীসমূহৰ বাবে অনন্য চিনাক্তকৰ্তাসমূহো অন্তৰ্ভুক্ত)।
কুকি। আমাৰ ছাইটসমূহে কুকি ব্যৱহাৰ কৰে। কুকি হৈছে আমাৰ ছাইটে ব্যৱহাৰকাৰীৰ ব্ৰাউজাৰলৈ প্ৰেৰণ কৰা ডাটাৰ এটা সৰু উপাদান, যিটো তাৰ পিছত ব্যৱহাৰকাৰীৰ হাৰ্ড ড্ৰাইভত সঞ্চয় কৰা হ’ব পাৰে যাতে আমি ব্যৱহাৰকাৰীৰ কম্পিউটাৰ বা ডিভাইচটো ঘূৰি অহাৰ সময়ত সেইসমূহ চিনিব পাৰোঁ৷ একেধৰণৰ কাৰ্যকলাপ কৰা অন্য প্ৰযুক্তিও আমি ব্যৱহাৰ কৰোঁ। আপুনি আমাৰ কুকিসমূহৰ নীতিত আমি আমাৰ Workplace-ৰ ছাইটত কুকি আৰু একেধৰণৰ প্ৰযুক্তিসমূহ কেনেকৈ ব্যৱহাৰ কৰোঁ সেই বিষয়ে অধিক জানিব পাৰে৷
তৃতীয় পক্ষৰ তথ্য। আমি য'ত আমাৰ ছাইট অথবা কাৰ্যকলাপ সঞ্চালন কৰিবলৈ, উন্নত কৰিবলৈ, বুজিবলৈ, অনুকূলন কৰিবলৈ আৰু সমৰ্থন কৰিবলৈ আমাৰ সহায় হোৱাৰ কাৰণে তৃতীয়-পক্ষৰ সেৱা প্ৰদানকাৰী আৰু অংশীদাৰৰ সৈতে কাম কৰোঁ, আমি তেওঁলোকৰ পৰা আপোনাৰ বিষয়ে তথ্য সংগ্ৰহ কৰোঁ৷
Meta-ৰ কোম্পানীসমূহ। নিৰ্দিষ্ট কিছুমান পৰিস্থিতিত অন্য Meta-ৰ কোম্পানীসমূহৰ সৈতে ভাগ-বতৰা কৰা আন্তঃগাঁথনি, ব্যৱস্থা আৰু প্ৰযুক্তিৰ পৰা তথ্য সংগ্ৰহ কৰোঁ৷ আমি সমগ্ৰ Meta কোম্পানীৰ সামগ্ৰীসমূহত আৰু আপোনাৰ ডিভাইচসমূহত প্ৰতিটো সামগ্ৰীৰ চৰ্ত আৰু নীতি অনুসৰি আৰু প্ৰযোজ্য আইনে অনুমোদন জনোৱা ধৰণে আপোনাৰ তথ্য প্ৰক্ৰিয়াকৰণো কৰোঁ৷
আপুনি Workplace-ৰ সেৱাসমূহ ব্যৱহাৰ কৰাৰ সময়ত সংগ্ৰহ কৰা তথ্যসমূহ Workplace-ৰ গোপনীয়তা নীতিৰ অধীন যিয়ে আপুনি Workplace-ৰ সেৱাসমূহ ব্যৱহাৰ কৰাৰ সময়ত আপোনাৰ তথ্য কিদৰে প্ৰক্ৰিয়াকৰণ কৰা হয় সেয়া নিয়ন্ত্ৰণ কৰে।

3. আমি আপোনাৰ তথ্য কেনেকৈ প্ৰক্ৰিয়াকৰণ কৰোঁ

আমি আমাৰ ছাইট আৰু কাৰ্যকলাপসমূহ সঞ্চালন কৰিবলৈ, প্ৰদান কৰিবলৈ, উন্নত কৰিবলৈ, বুজিবলৈ, অনুকূলন কৰিবলৈ আৰু সমৰ্থন কৰিবলৈ আমাৰ হাতত থকা তথ্য (আপুনি কৰা পচন্দ আৰু প্ৰযোজ্য আইন অনুসৰি) ব্যৱহাৰ কৰোঁ৷
আমাৰ ছাইট আৰু কাৰ্যকলাপসমূহ প্ৰদান কৰা, উন্নত কৰা আৰু বিকাশ কৰা।
আমি আমাৰ ছাইট আৰু কাৰ্যকলাপসমূহ প্ৰদান, উন্নত আৰু বিকাশ কৰিবলৈ আপোনাৰ তথ্য বিশ্লেষণ কৰোঁ। ইয়াৰ ভিতৰত আছে আপোনাক আমাৰ ছাইটসমূহ সাধাৰণভাৱে ব্যৱহাৰ আৰু নেভিগেট কৰাৰ অনুমতি দিয়া, অধিক তথ্যৰ বাবে আমাৰ সৈতে যোগাযোগ কৰা, অতিৰিক্ত সম্পদ এক্সেছ কৰা আৰু বিনামূলীয়া ট্ৰায়েলৰ বাবে ছাইন আপ কৰা। আমি এই গোপনীয়তা নীতি অনুসৰি আমাৰ বিপণন সম্পৰ্কীয় কাৰ্যকলাপসমূহ সম্পন্ন কৰিবলৈও আপোনাৰ তথ্য ব্যৱহাৰ কৰিম। আপুনি যোগদান কৰা সমীক্ষা আৰু/বা সঁহাৰিৰ পেনেলসমূহ প্ৰদান, উন্নত আৰু বিকাশ কৰিবলৈও আমি আপোনাৰ তথ্য ব্যৱহাৰ কৰোঁ।
গ্ৰাহকে কি বিচাৰে আৰু কি ভাল পায় সেয়া বুজা।
আপুনি কোনো সঁহাৰিৰ পেনেল বা অন্য সঁহাৰিৰ অধ্যয়নত অংশগ্ৰহণ কৰিলে (যেনে- ক'ত, উদাহৰণস্বৰূপে, আপুনি নতুন ধাৰণা পৰীক্ষা কৰিলে আৰু Workplace-ৰ বৈশিষ্ট্যসমূহ পূৰ্বদৰ্শন কৰিলে) আমি আপোনাৰ তথ্য আৰু সঁহাৰি বিবেচনা আৰু বিশ্লেষণ কৰোঁ। গ্ৰাহকে কি বিচাৰে আৰু কি কৰিবলৈ বিচাৰে, উদাহৰণস্বৰূপে, Workplace বা অন্য সামগ্ৰী আৰু সেৱাৰ নতুন বৈশিষ্ট্যসমূহ সলনি কৰিব লাগে নে নালাগে আৰু অন্য অন্তৰ্দৃষ্টি লাভ কৰিব লাগে নে নালাগে সেয়া বুজিবলৈ আমি এয়া কৰোঁ। সঁহাৰিৰ পেনেল বা অন্য সঁহাৰিৰ অধ্যয়নত আপুনি কৰা অংশগ্ৰহণৰ পৰা পোৱা তথ্যসমূহ একত্ৰিত কৰা হ'ব আৰু এটা চিনাক্ত নকৰা ধৰণত ব্যৱহাৰ কৰা হ'ব আৰু যদি কোনো সঁহাৰিত উদ্ধৃতি বা আৱেগ বা অন্তৰ্দৃষ্টিৰ প্ৰতিবেদনত ব্যৱহাৰ কৰা হয়, প্ৰতিবেদনখনে ইয়াক আপোনাক ব্যক্তিগতভাৱে আৰোপ নকৰে।
আপোনাৰ সৈতে যোগাযোগ কৰা৷
আমি আপোনাক বিপণন সম্পৰ্কীয় যোগাযোগ বাৰ্তা প্ৰেৰণ কৰিবলৈ আৰু সাধাৰণতে আমাৰ ছাইট আৰু কাৰ্যকলাপৰ বিষয়ে আপোনাৰ সৈতে যোগাযোগ কৰিবলৈ আৰু য'ত প্ৰযোজ্য হয় আপোনাক আমাৰ নীতি আৰু চৰ্তসমূহৰ বিষয়ে জনাবলৈ আমাৰ হাতত থকা তথ্য ব্যৱহাৰ কৰোঁ৷ আপুনি আমাৰ লগত যোগাযোগ কৰাৰ সময়ত আপোনাক সঁহাৰি জনাবলৈ আমি আপোনাৰ তথ্য ব্যৱহাৰ কৰোঁ৷
আমাৰ বিপণন আৰু বিজ্ঞাপন প্ৰদান কৰা, ব্যক্তিগতকৰণ কৰা, পৰিমাপ কৰা আৰু উন্নত কৰা।
প্ৰথম পক্ষ আৰু তৃতীয় পক্ষৰ নেটৱৰ্কৰ যোগেদি লক্ষ্য কৰাকে ধৰি লক্ষ্য কৰি লোৱা বিজ্ঞাপনৰ বাবে আৰু অবিকল দৰ্শক, অনুকূলন দৰ্শক সৃষ্টি কৰিবলৈ আৰু প্ৰথম পক্ষ আৰু তৃতীয় পক্ষৰ বিজ্ঞাপন নেটৱৰ্কত জোখ-মাখ কৰিবলৈ আমি আপোনাৰ তথ্য ব্যৱহাৰ কৰিব পাৰোঁ।
সুৰক্ষা, অখণ্ডতা আৰু নিৰাপত্তা উন্নীত কৰা।
আমি সন্দেহজনক আচৰণৰ পেটাৰ্ণ চিনাক্ত আৰু অনুসন্ধান কৰিবলৈ আপোনাৰ ডিভাইচ আৰু সংযোগৰ তথ্য বিশ্লেষণ কৰোঁ৷
আইন বলবৎকাৰী সংস্থাকে ধৰি আনৰ সৈতে তথ্য সংৰক্ষণ আৰু ভাগ-বতৰা কৰা আৰু আইনী অনুৰোধৰ প্ৰতি সঁহাৰি জনোৱা।
আমি কোনো আইনী বাধ্যবাধকতা পূৰ কৰিলে আপোনাৰ তথ্য প্ৰক্ৰিয়াকৰণ কৰোঁ, যাৰ ভিতৰত উদাহৰণস্বৰূপে নিয়ন্ত্ৰক আইন বলবৎকৰণ অথবা অন্য কোনোৱে কৰা মান্য আইনী অনুৰোধ থাকিলে নিৰ্দিষ্ট কিছুমান তথ্য় আৰক্ষণ অথবা সদৰী কৰাটো অন্তৰ্ভুক্ত। ইয়াৰ ভিতৰত আছে আইনী অনুৰোধৰ প্ৰতি সঁহাৰি জনোৱা য'ত আমি প্ৰযোজ্য আইনৰ দ্বাৰা বাধ্য নহওঁ কিন্তু আমি বিশ্বাস কৰোঁ যে আমাৰ প্ৰাসঙ্গিক অধিকাৰ ক্ষেত্ৰত বা অপমানজনক বা বেআইনী আচৰণৰ সৈতে যুঁজ দিবলৈ আইন বলবৎকাৰী সংস্থা বা উদ্যোগৰ অংশীদাৰসকলৰ সৈতে তথ্য ভাগ-বতৰা কৰিবলৈ এইটোৰ আৱশ্যক। উদাহৰণস্বৰূপে, অনুসন্ধানৰ উদ্দেশ্যে প্ৰয়োজন হ'লে আইন প্ৰয়োগকাৰী সংস্থাই অনুৰোধ কৰিলে আমি ব্যৱহাৰকাৰীৰ তথ্যৰ এটা স্নেপশ্বট সংৰক্ষণ কৰোঁ। আমি আইনী পৰামৰ্শ বিচাৰিলে বা অভিযোগ আৰু অন্যান্য বিবাদৰ প্ৰসংগত নিজকে সুৰক্ষিত কৰিবলৈ বিচাৰিলে তথ্য সংৰক্ষণ আৰু ভাগ-বতৰা কৰোঁ। ইয়াৰ ভিতৰত আমাৰ চৰ্ত আৰু নীতি উলংঘাৰ দৰে বিষয়সমূহো অন্তৰ্ভুক্ত। কিছুমান ক্ষেত্ৰত, আইন অনুসৰি প্ৰয়োজন হ’লে আমাক আপোনাৰ ব্যক্তিগত তথ্য প্ৰদান কৰিব নোৱাৰাৰ ফলত আপুনি আৰু Meta-ই প্ৰযোজ্য আইন উলংঘন কৰিব পাৰে।

4. আমি ভাগ-বতৰা কৰা তথ্য

অংশীদাৰ আৰু তৃতীয় পক্ষসমূহে আমি প্ৰদান কৰা তথ্যসমূহ তেওঁলোকে কেনেকৈ ব্যৱহাৰ আৰু প্ৰকাশ কৰিব পাৰে আৰু কেনেকৈ কৰিব নোৱাৰে সেই বিষয়ে আমি নিৰ্ধাৰণ কৰি দিয়া নিয়মসমূহ মানি চলাটো বিচাৰোঁ। আমি কাৰ সৈতে তথ্য ভাগ-বতৰা কৰোঁ তাৰ বিষয়ে অধিক বিৱৰণ ইয়াত দিয়া হৈছে:
তৃতীয় পক্ষৰ অংশীদাৰ আৰু সেৱা প্ৰদানকাৰী: আমি আমাৰ ছাইট আৰু কাৰ্যকলাপসমূহ গ্ৰহণ কৰাত সহায় কৰিবলৈ তৃতীয়-পক্ষৰ অংশীদাৰ আৰু তৃতীয়-পক্ষৰ সেৱা প্ৰদানকাৰীৰ সৈতে কাম কৰোঁ৷ তেওঁলোকে আমাক কেনেকৈ সহায় কৰে বা আমাৰ সৈতে কাম কৰে তাৰ ওপৰত নিৰ্ভৰ কৰি, যেতিয়া আমি এই ক্ষমতাত থকা তৃতীয়-পক্ষ সেৱা প্ৰদানকাৰীসকলৰ সৈতে তথ্য ভাগ-বতৰা কৰোঁ, আমি তেওঁলোকক আমাৰ নিৰ্দেশনা আৰু চৰ্তাৱলী অনুসৰি আমাৰ হৈ আপোনাৰ তথ্য ব্যৱহাৰ কৰিবলৈ বাধ্য কৰোঁ৷ আমি বিভিন্ন ধৰণৰ অংশীদাৰ আৰু সেৱা প্ৰদানকাৰীৰ সৈতে কাম কৰোঁ, যেনে- যিসকলে আমাক বিপণন, বিশ্লেষণ, সমীক্ষা, সঁহাৰিৰ পেনেল আৰু সামগ্ৰী তথা সেৱাসমূহৰ উন্নত কৰাত আমাক সহায় কৰে।
Meta কোম্পানী: আমি আমাৰ কাৰ্যকলাপসমূহৰ সৈতে সংগতি ৰাখি বা আমাৰ ছাইট, আন্তঃগাঁথনি, ছিষ্টেম আৰু প্ৰযুক্তিৰ জৰিয়তে আমি সংগ্ৰহ কৰা তথ্যসমূহ অন্য Meta কোম্পানীসমূহৰ সৈতে ভাগ-বতৰা কৰোঁ৷ ভাগ-বতৰা কৰাটোৱে আমাক সুৰক্ষা, নিৰাপত্তা আৰু অখণ্ডতাৰ প্ৰচাৰ কৰাত; অফাৰ আৰু বিজ্ঞাপনসমূহ ব্যক্তিগতকৰণ কৰাত; প্ৰযোজ্য আইনসমূহ মানি চলাত; বৈশিষ্ট্য আৰু অখণ্ডতা বিকশিত আৰু প্ৰদান কৰাত; আৰু মানুহে Meta কোম্পানীৰ প্ৰডাক্টসমূহ কেনেকৈ ব্যৱহাৰ কৰে আৰু সেইসমূহৰ সৈতে কেনেকৈ ভাব বিনিময় কৰে সেয়া বুজাত সহায় কৰে।
আইনী আৰু অনুপালন: আমি এইবোৰ ক্ষেত্ৰত আপোনাৰ তথ্য এক্সেছ কৰিব, সংৰক্ষণ কৰিব, ব্যৱহাৰ কৰিব আৰু ভাগ-বতৰা কৰিব পাৰোঁ: (i) আইনী অনুৰোধৰ প্ৰতি সঁহাৰি জনাই, যেনে- ছাৰ্চ ৱাৰেণ্ট, আদালতৰ আদেশ, উপস্থিত হোৱাৰ আদেশ বা ছমন৷ এই অনুৰোধসমূহ তৃতীয় পক্ষ, যেনে- দেৱানী বিবাদকাৰী, আইন বলবৎকাৰী সংস্থা আৰু অন্য চৰকাৰী কৰ্তৃপক্ষৰ পৰা আহে। আমি আপোনাৰ তথ্য অন্য Meta কোম্পানী বা তৃতীয় পক্ষকে ধৰি অন্য সংস্থাৰ সৈতেও ভাগ-বতৰা কৰিব পাৰোঁ, যিয়ে আমাক এনে অনুৰোধসমূহৰ অনুসন্ধান কৰাত আৰু তাত সঁহাৰি দিয়াত সহায় কৰে, (ii) প্ৰযোজ্য আইন অনুসৰি আৰু (iii) Meta-ৰ সামগ্ৰী, ব্যৱহাৰকাৰী, কৰ্মচাৰী, সম্পত্তি আৰু জনসাধাৰণৰৰ সুৰক্ষা, নিৰাপত্তা আৰু অখণ্ডতা প্ৰসাৰিত কৰিবলৈ। ইয়াৰ ভিতৰত কোনো চুক্তি ভংগ কৰা, আমাৰ চৰ্তাৱলী বা নীতি উলংঘা বা আইন উলংঘা বা প্ৰৱঞ্চনা ধৰা পেলোৱা, সমাধান কৰা বা প্ৰতিৰোধ কৰাৰ বিষয় অন্তৰ্ভুক্ত। আইনী দাবীসমূহ স্থাপন, পালন বা প্ৰতিৰক্ষাৰ বাবে আৰু ব্যক্তি বা সম্পত্তিৰ প্ৰকৃত বা আনুমানিক ক্ষতিৰ অনুসন্ধান বা প্ৰতিৰোধৰ বাবেও প্ৰয়োজন সাপেক্ষে আপোনাৰ ব্যক্তিগত তথ্য সদৰি কৰা হ'ব পাৰে।
ব্যৱসায়ৰ বিক্ৰী: যদি আমি আমাৰ সমগ্ৰ ব্যৱসায় বা তাৰ কোনো অংশ আন কাৰোবাক বিক্ৰী বা স্থানান্তৰ কৰোঁ, তেন্তে আমি প্ৰযোজ্য আইন অনুসৰি, সেই লেনদেনৰ অংশ হিচাপে নতুন গৰাকীক আপোনাৰ তথ্য দিব পাৰোঁ।

5. নিজৰ অধিকাৰ কেনেকৈ পালন কৰিব

প্ৰযোজ্য আইন আৰু আপুনি ক'ত বাস কৰে তাৰ ওপৰত ভিত্তি কৰি আপোনাৰ ব্যক্তিগত তথ্যৰ সৈতে সংগতি ৰাখি আপোনাৰ অধিকাৰ থাকে। এই অধিকাৰসমূহৰ কিছুমান সাধাৰণতে প্ৰযোজ্য হ’লেও কিছুমান অধিকাৰ সীমিত ক্ষেত্ৰত বা কিছুমান অধিকাৰ ক্ষেত্ৰতহে প্ৰযোজ্য হয়। আপুনি ইয়াত আমাৰ সৈতে যোগাযোগ কৰি নিজৰ অধিকাৰসমূহ পালন কৰিব পাৰে।
  • এক্সেছ কৰাৰ/জনাৰ অধিকাৰ - আপোনাৰ তথ্যৰ এক্সেছ পোৱাৰ বাবে অনুৰোধ কৰিবলৈ আৰু আমি সংগ্ৰহ কৰা, ব্যৱহাৰ কৰা আৰু সদৰী কৰা আপোনাৰ ব্যক্তিগত তথ্যৰ শ্ৰেণীসমূহকে ধৰি নিৰ্দিষ্ট কিছুমান তথ্যৰ প্ৰতিলিপি পোৱাৰ আৰু আমাৰ ডাটাৰ পদ্ধতিৰ বিষয়ে তথ্য লাভ কৰাৰ অধিকাৰ আছে।
  • সংশোধনৰ অধিকাৰ - আপোনাৰ বিষয়ে থকা ভুল ব্যক্তিগত তথ্য আমি সংশোধন কৰাৰ বাবে অনুৰোধ কৰিবলৈ আপোনাৰ অধিকাৰ আছে।
  • মচি পেলোৱাৰ/বিলোপ কৰাৰ অনুৰোধ কৰাৰ অধিকাৰ - কিছুমান ক্ষেত্ৰত, আমি আপোনাৰ ব্যক্তিগত তথ্য বিলোপ কৰাৰ বাবে অনুৰোধ কৰিবলৈ আপোনাৰ অধিকাৰ আছে, যদিহে তেনে কৰাৰ বৈধ ভিত্তি থাকে আৰু সেয়া প্ৰযোজ্য আইন অনুসৰি কৰা হয়।
  • ডাটা বহনযোগ্যতাৰ অধিকাৰ - কিছুমান ক্ষেত্ৰত, আপোনাৰ তথ্য এক গঠনমূলক, সাধাৰণতে ব্যৱহৃত আৰু মেচিনে পঢ়িব পৰা সজ্জাত গ্ৰহণ কৰাৰ আৰু এনে তথ্য অন্য নিয়ন্ত্ৰকলৈ প্ৰেৰণ কৰাৰ অধিকাৰ আছে।
  • আপত্তি কৰাৰ/অপ্ট আউট (বিপণন) কৰাৰ অধিকাৰ - আপুনি যিকোনো সময়তে প্ৰত্যক্ষ বিপণন, প্ৰ'ফাইলিং আৰু স্বয়ংক্ৰিয় সিদ্ধান্ত গ্ৰহণৰ উদ্দেশ্যে প্ৰক্ৰিয়াকৰণ কৰাৰ ক্ষেত্ৰত আপত্তি দৰ্শোৱাৰ অধিকাৰ আছে। আমি যদি আপোনাৰ তথ্য প্ৰত্যক্ষ বিপণনৰ বাবে ব্যৱহাৰ কৰোঁ, তেন্তে আপুনি তেনে যোগাযোগত থকা আনছাবস্ক্ৰাইব কৰাৰ লিংকটো ব্যৱহাৰ কৰি ভৱিষ্যতে প্ৰত্যক্ষ বিপণন বাৰ্তা লাভ কৰাৰ ক্ষেত্ৰত আপত্তি দৰ্শাব আৰু তাৰ পৰা অপ্ট আউট কৰিব পাৰে।
  • আপত্তি দৰ্শোৱাৰ অধিকাৰ - আপোনাৰ কিছুমান তথ্য প্ৰক্ৰিয়াকৰণ কৰাৰ ক্ষেত্ৰত আপুনি আপত্তি দৰ্শোৱাৰ আৰু সেয়া প্ৰতিবন্ধিত কৰাৰ অধিকাৰ আছে। বৈধ স্বাৰ্থৰ খাতিৰত বা জনস্বাৰ্থৰ বাবে কোনো কাম সম্পন্ন কৰোঁতে আমি আপোনাৰ তথ্য প্ৰক্ৰিয়াকৰণ কৰিলে আপুনি আপত্তি দৰ্শাব পাৰে। আপত্তিৰ মূল্যায়ন কৰোঁতে আমি কেইবাটাও কাৰক বিবেচনা কৰিম, য’ত এয়া অন্তৰ্ভুক্ত: এই প্ৰক্ৰিয়াকৰণটোৰ বাবে যদিহে আমি কোনো আকৰ্ষণীয় বৈধ ভিত্তি বিচাৰি নাপাওঁ, যিবোৰ আপোনাৰ স্বাৰ্থ বা মৌলিক অধিকাৰ আৰু স্বাধীনতাতকৈ বেছি গুৰুত্বপূৰ্ণ নহয় বা প্ৰক্ৰিয়াকৰটো আইনী কাৰণত কৰিবলগীয়া নহয়, আপোনাৰ আপত্তি বাহাল ৰখা হ'ব আৰু আমি আপোনাৰ তথ্য প্ৰক্ৰিয়াকৰণ বন্ধ কৰিম। আমাক সেই প্ৰত্যক্ষ বিপণনৰ বাবে আপোনাৰ তথ্য ব্যৱহাৰ কৰাত বাধা দিবলৈ আপুনি আনকি আমাৰ বিপণনৰ যোগাযোগত "আনছাবস্ক্ৰাইব" লিংকটো ব্যৱহাৰ কৰিব পাৰে।
    • আপোনাৰ যুক্তিসংগত আশা
    • আপোনাৰ, আমাৰ, অন্য ব্যৱহাৰকাৰী বা তৃতীয় পক্ষৰ বাবে থকা সুবিধা আৰু বিপদাশংকাসমূহ
    • একেটা উদ্দেশ্য পূৰণৰ বাবে অন্যান্য উপলব্ধ উপায় যিবোৰ কম আক্ৰমণাত্মক হ’ব পাৰে আৰু যিবোৰৰ বাবে অসমতাপূৰ্ণ প্ৰচেষ্টাৰ প্ৰয়োজন নহয়
  • আপোনাৰ সন্মতি প্ৰত্যাহাৰ কৰাৰ অধিকাৰ - য'ত আমি কিছুমান প্ৰক্ৰিয়াকৰণ সম্পৰ্কীয় কাৰ্যকলাপৰ বাবে আপোনাৰ সন্মতি বিচাৰিছোঁ, আপুনি যিকোনো সময়তে সেই সন্মতি প্ৰত্যাহাৰ কৰাৰ অধিকাৰ আছে। অনুগ্ৰহ কৰি মন কৰক যে আপুনি সন্মতি প্ৰত্যাহাৰ কৰাৰ পূৰ্বে গ্ৰহণ কৰা আটাইবোৰ প্ৰক্ৰিয়াকৰণৰ বৈধতা প্ৰত্যাহাৰ কৰাৰ ফলত প্ৰভাৱিত নহ'ব।
  • অভিযোগ কৰাৰ অধিকাৰ - আপুনি আপোনাৰ স্থানীয় তত্বাৱধায়ক কৰ্তৃপক্ষৰ ওচৰত অভিযোগ দাখিল কৰিব পাৰে। Meta Platforms Ireland Limited-ৰ মুখ্য তত্বাৱধায়ক কৰ্তৃপক্ষ হৈছে Irish Data Protection Commission।
  • বৈষম্যহীনতাৰ অধিকাৰ: এই অধিকাৰসমূহৰ কোনো এটা ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত আমি আপোনাৰ বিৰুদ্ধে বৈষম্যমূলক আচৰণ নকৰোঁ।
অনুগ্ৰহ কৰি মন কৰিব যে আপোনাৰ তথ্য আৰু আমাৰ বিপণন সেৱাসমূহৰ অখণ্ডতা সুৰক্ষিত কৰিবলৈ, আপোনাৰ অনুৰোধ প্ৰক্ৰিয়াকৰণ কৰাৰ আগতে আমি আপোনাৰ পৰিচয় সত্যাপন কৰিবলগীয়া হ’ব পাৰে। কিছুমান ক্ষেত্ৰত কিছুমান অধিকাৰ ক্ষেত্ৰত আমি আপোনাৰ পৰিচয় সত্যাপন কৰিবলৈ চৰকাৰে জাৰি কৰা আইডিৰ দৰে অতিৰিক্ত তথ্য সংগ্ৰহ কৰিবলগীয়া হ'ব পাৰে। কিছুমান আইনৰ অধীনত, আপুনি নিজেই এই অধিকাৰসমূহ ব্যৱহাৰ কৰিব পাৰে বা আপুনি আপোনাৰ হৈ এই অনুৰোধসমূহ কৰিবলৈ কোনো কৰ্তৃত্বপ্ৰাপ্ত এজেণ্ট নিযুক্ত কৰিব পাৰে।
ব্ৰাজিলৰ সাধাৰণ তথ্য সুৰক্ষা আইন
এই অনুচ্ছেদটো ব্ৰাজিলিয়ান আইনৰ অধীনত ব্যক্তিগত তথ্য প্ৰক্ৰিয়াকৰণ সম্পৰ্কীয় কাৰ্যকলাপৰ বাবে প্ৰযোজ্য আৰু সেয়া এই গোপনীয়তা নীতিটোৰ পৰিপূৰক।
ব্ৰাজিলিয়ান জেনেৰেল ডাটা প্ৰটেকছন আইনৰ (“LGPD”) অধীনত আমি আপোনাৰ ডাটা প্ৰক্ৰিয়া কৰোঁ বুলি এক্সেছ, সংশোধন, প'ৰ্ট কৰা, মচি পেলোৱা আৰু নিশ্চিত কৰাৰ অধিকাৰ আছে। কিছুমান পৰিস্থিতিত, আপোনাৰ ব্যক্তিগত তথ্যৰ প্ৰক্ৰিয়াকৰণত আৰু সীমিত কৰাৰ ওপৰত আপোনাৰ আপত্তি কৰাৰ অধিকাৰ আছে বা আপুনি আপোনাৰ সন্মতিৰ ওপৰত ভিত্তি কৰি আমাক প্ৰদান কৰা ডাটা প্ৰক্ৰিয়া কৰোঁতে আপুনি আপোনাৰ সন্মতি প্ৰত্যাহাৰ কৰিব পাৰে। আমি তৃতীয় পক্ষৰ সৈতে কেনেদৰে ডাটা ভাগ-বতৰা কৰোঁ সেই বিষয়ে এই গোপনীয়তা নীতিয়ে তথ্য প্ৰদান কৰে। আমাৰ ডাটা পদ্ধতিৰ বিষয়ে অধিক তথ্যৰ অনুৰোধ কৰিবলৈ, ইয়াত ক্লিক কৰক।
আপোনাৰ লগতে DPA-ৰ সৈতে প্ৰত্যক্ষভাৱে যোগাযোগ কৰি ব্ৰাজিলিয়ান ডাটা সুৰক্ষা কৰ্তৃপক্ষক আবেদন কৰাৰ অধিকাৰ আছে।

6. আপোনাৰ তথ্য ধৰি ৰখা

আমি আপোনাৰ ব্যক্তিগত তথ্য কেৱল এই গোপনীয়তা নীতিত উল্লেখ কৰা উদ্দেশ্যৰ বাবে প্ৰয়োজনীয় সময়লৈকেহে ৰাখিম। প্ৰজেক্টটো চলি থকা সময়ছোৱাৰ বাবে আৰু তাৰ পাছত বিশ্লেষণ কৰিবলৈ, সমনীয়াই কৰা পৰ্যালোচনাৰ সঁহাৰি জনাবলৈ বা অন্যথা সঁহাৰিৰ সত্যাসত্য নিৰূপণ কৰিবলৈ প্ৰয়োজনীয় সময়ৰ বাবে আপুনি সঁহাৰিৰ পেনেলত বা সঁহাৰিৰ অধ্যয়নত অংশগ্ৰহণ কৰিলে আমি সংগ্ৰহ কৰা আপোনাৰ তথ্যসমূহ Meta-ই ৰাখিব। বিবাদ নিষ্পত্তি কৰিবলৈ আৰু আমাৰ চৰ্তাৱলী বলৱৎ কৰিবলৈ আমাৰ আইনী বাধ্যবাধকতাসমূহ মানি চলিবলৈ (উদাহৰণস্বৰূপে, যদি আমি প্ৰযোজ্য আইন মানি চলিবলৈ আপোনাৰ ব্যক্তিগত তথ্যসমূহ ধৰি ৰাখিব লাগে) প্ৰয়োজনীয় হোৱা সময় পৰ্যন্ত Meta-ই আপোনাৰ ব্যক্তিগত তথ্যসমূহ ধৰি ৰাখিব আৰু ব্যৱহাৰ কৰিব৷ ধৰি ৰখাৰ এই সময়সীমা পাৰ হোৱাৰ পাছত আৰু সেই ব্যক্তিগত তথ্য ধৰি ৰাখিবলৈ আমাৰ হাতত আৰু কোনো নিৰ্দিষ্ট কাৰণ নাথাকিলে, প্ৰাসংগিক ব্যক্তিগত তথ্যসমূহ মচি পেলোৱা হ’ব।

7. আমাৰ গোলকীয় সঞ্চালন

আমি সংগ্ৰহ কৰা তথ্যসমূহ আমি বিশ্বব্যাপী, আমাৰ সমগ্ৰ কাৰ্যালয় আৰু ডাটা কেন্দ্ৰসমূহত আভ্যন্তৰীণভাৱে আৰু আমাৰ বিক্ৰেতা, সেৱা প্ৰদানকাৰী আৰু তৃতীয় পক্ষৰ সৈতে বাহ্যিকভাৱে ভাগ-বতৰা কৰোঁ৷ যিহেতু Meta বিশ্বজনীন আৰু ইয়াৰ গ্ৰাহক আৰু কৰ্মচাৰী সমগ্ৰ বিশ্বতেই আছে, বিভিন্ন কাৰণত স্থানান্তৰ কৰাটো প্ৰয়োজনীয়, য'ত এয়া অন্তৰ্ভুক্ত:
  • গতিকে আমি এই গোপনীয়তা নীতিৰ চৰ্তাৱলীত উল্লেখ কৰা সেৱাসমূহ সঞ্চালন আৰু প্ৰদান কৰিব পাৰোঁ
  • গতিকে আমি এই গোপনীয়তা নীতি অনুসৰি আমাৰ সামগ্ৰীসমূহৰ সমস্যা সমাধান, বিশ্লেষণ আৰু উন্নত কৰিব পাৰোঁ
তথ্য ক'ত স্থানান্তৰ কৰা হয়?
আপোনাৰ তথ্যসমূহ ইয়ালৈ স্থানান্তৰ বা প্ৰেৰণ কৰা হ'ব অথবা ইয়াত সঞ্চয় আৰু প্ৰক্ৰিয়াকৰণ কৰা হ'ব:
  • অন্যসমূহৰ ভিতৰত যুক্তৰাষ্ট্ৰ, আয়াৰলেণ্ড, ডেনমাৰ্ক আৰু ছুইডেন আদি অন্যান্যকে ধৰি আমাৰ আন্তঃগাঁথনি বা ডাটা চেণ্টাৰ থকা ঠাইসমূহ
  • যিবোৰ দেশত Workplace উপলব্ধ
  • এই গোপনীয়তা নীতিত বৰ্ণনা কৰা উদ্দেশ্যৰ বাবে, আপুনি বাস কৰা দেশৰ বাহিৰত আমাৰ বিক্ৰেতা, সেৱা প্ৰদানকাৰী আৰু তৃতীয় পক্ষসমূহ অৱস্থিত অন্য দেশসমূহ৷
আমি আপোনাৰ তথ্য কেনেকৈ সুৰক্ষিত কৰোঁ?
আন্তঃৰাষ্ট্ৰীয় ডাটা স্থানান্তৰৰ বাবে আমি উপযুক্ত ব্যৱস্থাৰ ওপৰত নিৰ্ভৰশীল।
গোলকীয় ডাটা স্থানান্তৰৰ বাবে আমি ব্যৱহাৰ কৰা ব্যৱস্থাসমূহ
আন্তঃৰাষ্ট্ৰীয় স্থানান্তৰৰ বাবে আমি উপযুক্ত ব্যৱস্থাৰ ওপৰত নিৰ্ভৰশীল। উদাহৰণস্বৰূপে, আমি সংগ্ৰহ কৰা তথ্যৰ বাবে:
ইউৰোপীয় অৰ্থনৈতিক অঞ্চল
  • আমি ইউৰোপীয় আয়োগে দিয়া সিদ্ধান্তসমূহৰ ওপৰত নিৰ্ভৰ কৰোঁ যাৰ দ্বাৰা তেওঁলোকে স্বীকাৰ কৰে যে ইউৰোপীয় অৰ্থনৈতিক অঞ্চলৰ বাহিৰত থকা কেইখনমান নিৰ্দিষ্ট দেশ আৰু অঞ্চলে ব্যক্তিগত ডাটাৰ বাবে পৰ্যাপ্ত মাত্ৰাৰ সুৰক্ষা নিশ্চিত কৰে। এই সিদ্ধান্তসমূহক “পৰ্যাপ্ততাৰ সিদ্ধান্ত” বুলি কোৱা হয়। বিশেষকৈ, ইউৰোপীয় অৰ্থনৈতিক অঞ্চলৰ পৰা প্ৰাসংগিক পৰ্যাপ্ততাৰ সিদ্ধান্তৰ ভিত্তিত সংগ্ৰহ কৰা তথ্য আৰ্জেণ্টিনা, ইজৰাইল, নিউজিলেণ্ড, চুইজাৰলেণ্ড, আৰু সিদ্ধান্তটো প্ৰযোজ্য হোৱা কানাডালৈ স্থানান্তৰিত কৰোঁ। প্ৰতিখন দেশৰ বাবে পৰ্যাপ্ততাৰ সিদ্ধান্তৰ বিষয়ে অধিক জানক। Meta Platforms, Inc.-এ ইইউ-ইউএছত ইয়াৰ অংশগ্ৰহণৰ প্ৰমাণপত্ৰ প্ৰদান কৰিছে। ডাটাৰ গোপনীয়তাৰ পৰিকাঠামো। আমি সেই প্ৰমাণীকৰণত নিৰ্দিষ্ট কৰা সামগ্ৰী আৰু সেৱাসমূহৰ বাবে তথ্যৰ স্থানান্তৰৰ বাবে ইইউ-ইউএছৰ ডাটাৰ গোপনীয়তাৰ পৰিকাঠামো আৰু ইউৰোপীয় আয়োগৰ সম্পৰ্কিত পৰ্যাপ্ততাৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰশীল। অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি Meta Platforms, Inc.ৰ ডাটাৰ গোপনীয়তাৰ পৰিকাঠামোৰ সদৰীকৰণ পৰ্যালোচনা কৰক।
  • অন্য পৰিস্থিতিত, তৃতীয় দেশলৈ তথ্য স্থানান্তৰ কৰিবলৈ আমি ইউৰোপীয় আয়োগে অনুমোদন জনোৱা মান্য চুক্তিবদ্ধ দফাসমূহত (আৰু য'ত প্ৰযোজ্য হয়, যুক্তৰাজ্যৰ বাবে সমতুল্য মান্য চুক্তিবদ্ধ দফাসমূহত) বা প্ৰযোজ্য আইন অনুসৰি প্ৰদান কৰা ৰেহাইৰ ওপৰত নিৰ্ভৰ কৰোঁ।
যদি আপোনাৰ আমাৰ আন্তঃৰাষ্ট্ৰীয় ডাটা স্থানান্তৰ আৰু মান্য চুক্তিবদ্ধ দফাসমূহৰ বিষয়ে কিবা প্ৰশ্ন আছে, আপুনি আমাৰ সৈতে যোগাযোগ কৰিব পাৰে
কোৰিয়া
আমাৰ কোৰিযাৰ গোপনীয়তাৰ জাননী পৰ্যালোচনা কৰি আপোনাৰ বাবে থকা গোপনীয়তাৰ অধিকাৰসমূহ, আমি আপোনাৰ তথ্য ভাগ-বতৰা কৰা তৃতীয় পক্ষৰ সবিশেষ আৰু অন্য কথাৰ বিষয়ে অধিক জানক।
শাৰী:
  • অন্য পৰিস্থিতিত, তৃতীয় দেশলৈ তথ্য স্থানান্তৰ কৰিবলৈ আমি ইউৰোপীয় আয়োগে অনুমোদন জনোৱা মান্য চুক্তিবদ্ধ দফাসমূহত (আৰু য'ত প্ৰযোজ্য হয়, যুক্তৰাজ্যৰ বাবে সমতুল্য মান্য চুক্তিবদ্ধ দফাসমূহত) বা প্ৰযোজ্য আইন অনুসৰি প্ৰদান কৰা ৰেহাইৰ ওপৰত নিৰ্ভৰ কৰোঁ।
  • আমি ইউৰোপীয় আয়োগ আৰু অন্য প্ৰাসংগিক কৰ্তৃপক্ষই অন্য দেশসমূহৰ পৰ্যাপ্ত মাত্ৰাৰ ডাটা সুৰক্ষাৰ সুবিধা আছেনে নাই সেই সম্পৰ্কে দিয়া নিৰ্ণয়ৰ ওপৰত নিৰ্ভৰ কৰোঁ৷
  • আমি প্ৰযোজ্য আইনৰ অধীনত যুক্তৰাষ্ট্ৰ আৰু অন্যান্য প্ৰাসঙ্গিক দেশসমূহলৈ তথ্য হস্তান্তৰৰ ক্ষেত্ৰত প্ৰযোজ্য আইনৰ অধীনত সমতুল্য পদ্ধতি ব্যৱহাৰ কৰোঁ।
আমি যেতিয়াই আপোনাৰ তথ্য স্থানান্তৰ কৰোঁ তেতিয়াই উপযুক্ত সুৰক্ষা ব্যৱস্থা থকাটোও নিশ্চিত কৰোঁ। উদাহৰণস্বৰূপে, আমি আপোনাৰ তথ্যক অকৰ্তৃত্বশীল এক্সেছৰ পৰা সুৰক্ষিত কৰিবলৈ ৰাজহুৱা নেটৱৰ্কৰ জৰিয়তে স্থানান্তৰ কৰাৰ সময়ত সেয়া এনক্ৰিপ্ট কৰোঁ৷

8. প্ৰক্ৰিয়াকৰণৰ বাবে আমাৰ আইনী ভিত্তিসমূহ

নিৰ্দিষ্ট কিছুমান প্ৰযোজ্য ডাটা সুৰক্ষা আইনৰ অধীনত ডাটা প্ৰক্ৰিয়া কৰাৰ বাবে কোম্পানীবোৰৰ এক আইনী ভিত্তি থাকিবই লাগিব। আমি যেতিয়া "ব্যক্তিগত ডাটা প্ৰক্ৰিয়াকৰণ"ৰ বিষয়ে কওঁ, আমি ওপৰত এই গোপনীয়তা নীতিৰ অন্য শাখাসমূহত বৰ্ণনা কৰা অনুসৰি আপোনাৰ তথ্য সংগ্ৰহ, ব্যৱহাৰ আৰু ভাগ-বতৰা কৰা উপায়সমূহক বুজাওঁ।
আমাৰ আইনী ভিত্তি কি?
আপোনাৰ অধিকাৰ ক্ষেত্ৰ আৰু আপোনাৰ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি, এই গোপনীয়তা নীতিত বৰ্ণনা কৰা উদ্দেশ্যৰ বাবে আমি আপোনাৰ তথ্য প্ৰক্ৰিয়াকৰণ কৰিবলৈ বিভিন্ন আইনী ভিত্তিৰ ওপৰত নিৰ্ভৰ কৰোঁ৷ আপোনাৰ একেখিনি তথ্য বিভিন্ন উদ্দেশ্যৰ বাবে প্ৰক্ৰিয়াকৰণ কৰোঁতে আমি বিভিন্ন আইনী ভিত্তিৰ ওপৰতো নিৰ্ভৰ কৰিব পাৰোঁ। কিছুমান বিশেষ অধিকাৰ ক্ষেত্ৰ, আপোনাৰ ব্যক্তিগত তথ্য প্ৰক্ৰিয়াকৰণ কৰিবলৈ আমি মূলতঃ আপোনাৰ সন্মতিৰ ওপৰত নিৰ্ভৰ কৰোঁ। ইউৰোপীয় অঞ্চলকে ধৰি অন্যান্য অধিকাৰ ক্ষেত্ৰত আমি তলত দিয়া আইনী ভিত্তিসমূহৰ ওপৰত নিৰ্ভৰ কৰিম। তলৰ প্ৰতিটো আইনী ভিত্তিৰ বাবে, আমি আপোনাৰ তথ্য কিয় প্ৰক্ৰিয়াকৰণ কৰোঁ সেই বিষয়ে বৰ্ণনা কৰিছোঁ।
বৈধ স্বাৰ্থ
আমি আমাৰ বৈধ স্বাৰ্থসমূহ বা কোনো তৃতীয় পক্ষৰ বৈধ স্বাৰ্থসমূহৰ ওপৰত নিৰ্ভৰ কৰোঁ, য'ত সেইসমূহ আপোনাৰ স্বাৰ্থ বা মৌলিক অধিকাৰ আৰু স্বাধীনতাৰ (“বৈধ স্বাৰ্থসমূহ”)ৰ অধিকাৰতকৈ বেছি গুৰুত্বপূৰ্ণ নহয়:
আমি আপোনাৰ তথ্য কিয় আৰু কেনেকৈ প্ৰক্ৰিয়াকৰণ কৰোঁনিৰ্ভৰ কৰা বৈধ স্বাৰ্থব্যৱহৃত তথ্যৰ শ্ৰেণী
আমাৰ ছাইট আৰু কাৰ্যকলাপসমূহ প্ৰদান কৰিবলৈ, উন্নত কৰিবলৈ আৰু বিকাশ কৰিবলৈ আমি:
আপোনাৰ তথ্য আৰু আপুনি আমাৰ ছাইটটো ব্যৱহাৰ কৰাৰ আৰু আমাৰ কাৰ্যকলাপসমূহ ব্যৱহাৰ কৰা তথা তাত লিপ্ত হোৱাৰ ধৰণ বিশ্লেষণ কৰোঁ।।
আমাৰ লাভৰ বাবে আমাৰ ছাইটৰ কাৰ্য্যকলাপ বুজি পাবলৈ আৰু আমাৰ ছাইটটো নিৰীক্ষণ আৰু উন্নত কৰিবলৈ।
আমাৰ লাভৰ বাবে বিপণন আৰু সঁহাৰি সম্পৰ্কীয় কাৰ্য্যকলাপ প্ৰদান কৰিলৈ, আপুনি এইবোৰ কেনেকৈ ব্যৱহাৰ কৰে সেয়া বুজিবলৈ আৰু সেইবোৰ বিকাশ আৰু উন্নত কৰিবলৈ।
  • আপোনাৰ যোগাযোগৰ তথ্য
  • আপুনি আমাক দিয়া তথ্য
  • ব্যৱহাৰ আৰু লগৰ তথ্য
  • ডিভাইচ আৰু সংযোগৰ তথ্য
  • তৃতীয় পক্ষৰ তথ্য
  • কুকিসমূহ
ব্যৱহাৰকাৰীসকলে কি বিচাৰে আৰু কি ভাল পায় সেয়া বুজিবলৈ, আমি:
আমাৰ কাৰ্যকলাপসমূহ প্ৰদান কৰোঁ, য'ত আপুনি কোনো সঁহাৰিৰ পেনেল আৰু আপুনি নতুন ধাৰণাসমূহ পৰীক্ষা কৰা আৰু Workplaceৰ বৈশিষ্ট্যসমূহ পূৰ্বদৰ্শন কৰা অন্য সঁহাৰিৰ অধ্যয়নত অংশগ্ৰহণ কৰিলে আপোনাৰ তথ্য আৰু সঁহাৰিৰ বিশ্লেষণ কৰাটো অন্তৰ্ভুক্ত।
সঁহাৰিৰ পেনেল আৰু অন্য সঁহাৰিৰ অধ্যয়নত আপোনাৰ অংশগ্ৰহণৰ পৰা পোৱা তথ্যসমূহ একত্ৰিত কৰা হ'ব আৰু এটা অচিনাক্তক কৰা ৰূপত ব্যৱহাৰ কৰা হ'ব আৰু যদি কোনো উদ্ধৃতি বা আৱেগ কোনো প্ৰতিক্ৰিয়া বা অন্তৰ্দৃষ্টি প্ৰতিবেদনত ব্যৱহাৰ কৰা হয়, প্ৰতিবেদনটোৱে ইয়াক ব্যক্তিগতভাৱে আপোনাৰ ওপৰত আৰোপ নকৰে।
আমাৰ আৰু গ্ৰাহকসকলৰ লাভৰ বাবে গ্ৰাহকে কি বিচাৰে আৰু কি ভাল পায় সেয়া জনা আৰু Workplace বা অন্যান্য সামগ্ৰী আৰু সেৱাৰ নতুন বৈশিষ্ট্যসমূহ সলনি কৰিব লাগে নে নালাগে সেই বিষয়ে অৱগত কৰি অন্য অন্তৰ্দৃষ্টি লাভ কৰা।
  • আপোনাৰ যোগাযোগৰ তথ্য
  • আপুনি আমাক দিয়া তথ্য
  • ব্যৱহাৰ আৰু লগৰ তথ্য
  • ডিভাইচ আৰু সংযোগৰ তথ্য
  • তৃতীয় পক্ষৰ তথ্য
  • কুকিসমূহ
আপোনাৰ সৈতে যোগাযোগ কৰা আৰু আপোনাক বিপণনৰ যোগাযোগ প্ৰেৰণ কৰা (য'ত সেইবোৰ সন্মতিৰ ওপৰত আধাৰিত নহয়)।
আপুনি যদি নিউজলেটাৰৰ দৰে ইমেইল বিপণনৰ যোগাযোগ পাবলৈ ছাইন আপ কৰে, তেন্তে আপুনি প্ৰতিটো ইমেইলৰ তলত দিয়া “আনছাবস্ক্ৰাইব কৰক” লিংকটোত ক্লিক কৰি যিকোনো সময়তে আনছাবস্ক্ৰাইব কৰিব পাৰে।
য'ত প্ৰাসংগিক হয়, আমি আমাৰ কাৰ্য্যকলাপ আৰু আমাৰ নীতি আৰু/বা চৰ্তাৱলীৰ বিষয়ে আপোনাৰ সৈত যোগাযোগ কৰোঁ।
আপুনি আমাৰ সৈতে যোগাযোগ কৰিলেও আমি আপোনাক সঁহাৰি দিওঁ৷
আমাৰ লাভৰ বাবে আমাৰ সামগ্ৰীসমূহৰ বিপণন কৰিবলৈ আৰু আপুনি আগ্ৰহ দেখুওৱা নতুন বা আপডে'ট কৰা সামগ্ৰীসমূহৰ বিষয়ে তথ্য প্ৰদান কৰিবলৈ আপোনাক প্ৰত্যক্ষ বিপণনৰ যোগাযোগ প্ৰেৰণ কৰা।
আমাৰ লাভৰ বাবে আমাৰ কাৰ্যকলাপসমূহৰ বিষয়ে আপোনাৰ সৈতে যোগাযোগ কৰা।
আমাৰ আৰু আপোনাৰ লাভৰ বাবে আপুনি আমাৰ সৈতে যোগাযোগ কৰিলে আপোনাক সঁহাৰি দিয়াৰ বাবে আপোনাৰ তথ্য ব্যৱহাৰ কৰা।
  • আপোনাৰ যোগাযোগৰ তথ্য
  • আপুনি আমাক দিয়া তথ্য
আমাৰ বিপণন আৰু বিজ্ঞাপন প্ৰদান কৰিবলৈ, ব্যক্তিগতকৰণ কৰিবলৈ, জুখিবলৈ আৰু উন্নত কৰিবলৈ, আমি:
প্ৰথম পক্ষ আৰু তৃতীয় পক্ষৰ নেটৱৰ্কৰ যোগেদি লক্ষ্য কৰাকে ধৰি লক্ষ্য কৰি লোৱা বিজ্ঞাপনৰ বাবে আৰু অবিকল দৰ্শক, অনুকূলন দৰ্শক সৃষ্টি কৰিবলৈ আৰু প্ৰথম পক্ষ আৰু তৃতীয় পক্ষৰ বিজ্ঞাপন নেটৱৰ্কত জোখ-মাখ কৰিবলৈ আমি আপোনাৰ তথ্য ব্যৱহাৰ কৰিব পাৰোঁ।
আমাৰ লাভৰ বাবে বিপণন আৰু বিজ্ঞাপনৰ কাৰ্যকলাপ হাতত লোৱা।
  • আপোনাৰ যোগাযোগৰ তথ্য
  • আপুনি আমাক দিয়া তথ্য
  • ব্যৱহাৰ আৰু সাৰণিৰ তথ্য
  • ডিভাইচ আৰু সংযোগৰ তথ্য
  • কুকিসমূহ
সুৰক্ষা, অখণ্ডতা আৰু নিৰাপত্তা বৃদ্ধি কৰিবলৈ, আমি:
সন্দেহজনক আচৰণৰ পেটাৰ্ণ চিনাক্ত আৰু অনুসন্ধান কৰিবলৈ আপোনাৰ ডিভাইচ আৰু সংযোগৰ তথ্য বিশ্লেষণ কৰোঁ৷
আমাৰ আৰু আমাৰ ছাইটৰ ব্যৱহাৰকাৰী তথা আমাৰ বিপণন আৰু সঁহাৰি সম্পৰ্কীয় কাৰ্যকলাপৰ অংশগ্ৰহণকাৰীসকলৰ লাভৰ বাবে সম্পৰ্কীয় ছিষ্টেমসমূহ সুৰক্ষিত কৰা আৰু স্পাম, ভাবুকি, অপব্যৱহাৰ বা উলংঘনৰ সৈতে জড়িত কাৰ্যকলাপসমূহৰ বিৰুদ্ধে যুঁজ দিয়া আৰু ছাইট আৰু কাৰ্য্যকলাপসমূহত সুৰক্ষা আৰু নিৰাপত্তা প্ৰসাৰিত কৰা।
  • ডিভাইচ আৰু সংযোগৰ তথ্য
  • ব্যৱহাৰ আৰু সাৰণিৰ তথ্য
  • কুকিসমূহ
আমি আইন বলবৎকাৰী সংস্থাকে ধৰি আনৰ সৈতে আৰু আইনী অনুৰোধৰ সঁহাৰি দিবলৈ তথ্য সংৰক্ষণ আৰু ভাগ-বতৰা কৰোঁ।
ইয়াৰ ভিতৰত আছে আইনী অনুৰোধৰ প্ৰতি সঁহাৰি জনোৱা য'ত আমি প্ৰযোজ্য আইনৰ দ্বাৰা বাধ্য নহওঁ কিন্তু আমি বিশ্বাস কৰোঁ যে আমাৰ প্ৰাসঙ্গিক অধিকাৰ ক্ষেত্ৰত বা অপমানজনক বা বেআইনী আচৰণৰ সৈতে যুঁজ দিবলৈ আইন বলবৎকাৰী সংস্থা বা উদ্যোগৰ অংশীদাৰসকলৰ সৈতে তথ্য ভাগ-বতৰা কৰিবলৈ এইটোৰ আৱশ্যক। উদাহৰণস্বৰূপে, অনুসন্ধানৰ উদ্দেশ্যে প্ৰয়োজন হ'লে আইন প্ৰয়োগকাৰী সংস্থাই অনুৰোধ কৰিলে আমি ব্যৱহাৰকাৰীৰ তথ্যৰ এটা স্নেপশ্বট সংৰক্ষণ কৰোঁ।
আমাৰ আৰু আমাৰ ব্যৱহাৰকাৰীসকলৰ লাভৰ বাবে প্ৰৱঞ্চনা, আমাৰ ছাইট বা কাৰ্যকলাপসমূহৰ অকৰ্তৃত্বশীল ব্যৱহাৰ, আমাৰ চৰ্তাৱলী আৰু নীতিসমূহৰ উলংঘন বা অন্য ক্ষতিকাৰক বা বেআইনী কাৰ্য্যকলাপ প্ৰতিৰোধ আৰু তাৰ সৈতে জড়িত সমস্যা সমাধান কৰা।
আমাৰ লাভৰ বাবে নিজক (আমাৰ অধিকাৰ, বিষয়া, সম্পত্তি বা সামগ্ৰীসমূহকে ধৰি), আমাৰ ব্যৱহাৰকাৰী বা অন্য লোকক সুৰক্ষিত কৰা, য'ত অনুসন্ধান বা নিয়ামক অনুসন্ধানৰ অংশ হিচাপে কৰা অনুসন্ধানো অন্তৰ্ভুক্ত; বা মৃত্যু বা আসন্ন শাৰীৰিক ক্ষতি ৰোধ কৰা।
প্ৰাসংগিক আইন বলবৎকাৰী সংস্থা, চৰকাৰ, কৰ্তৃপক্ষ আৰু উদ্যোগৰ অংশীদাৰসকলৰ অপমানজনক বা অবৈধ আচৰণৰ অনুসন্ধান কৰাত আৰু সেয়া প্ৰতিহত কৰাত এক বৈধ স্বাৰ্থ থাকে।
  • আপোনাৰ যোগাযোগৰ তথ্য
  • আপুনি আমাক দিয়া তথ্য
  • ডিভাইচ আৰু সংযোগৰ তথ্য
  • ব্যৱহাৰ আৰু লগৰ তথ্য
  • তৃতীয় পক্ষৰ তথ্য
  • কুকিসমূহ
আমি আইনী পৰামৰ্শ বিচাৰিলে বা অভিযোগ আৰু অন্যান্য বিবাদৰ প্ৰসংগত নিজকে সুৰক্ষিত কৰিবলৈ বিচাৰিলে তথ্য সংৰক্ষণ আৰু ভাগ-বতৰা কৰোঁ। ইয়াৰ ভিতৰত আমাৰ চৰ্তাৱলী আৰু নীতি উলংঘনৰ দৰে বিষয়সমূহো অন্তৰ্ভুক্ত, য'ত সেয়া প্ৰযোজ্য।
আমাৰ আৰু আমাৰ ব্যৱহাৰকাৰীসকলৰ লাভৰ বাবে অভিযোগৰ প্ৰতি সঁহাৰি জনোৱা, প্ৰৱঞ্চনা, আমাৰ ছাইট আৰু কাৰ্য্যকলাপসমূহৰ অকৰ্তৃত্বশীল ব্যৱহাৰ, প্ৰযোজ্য হ'লে আমাৰ প্ৰযোজ্য চৰ্তাৱলী আৰু নীতিসমূহৰ উলংঘন বা অন্য ক্ষতিকাৰক বা বেআইনী কাৰ্য্যকলাপ প্ৰতিৰোধ আৰু তাৰ সমাধান কৰা।
আমাৰ লাভৰ বাবে আইনী পৰামৰ্শ বিচৰা আৰু অনুসন্ধান বা নিয়ামক অনুসন্ধান আৰু অভিযোগ বা অন্য বিবাদৰ অংশ হিচাপে সুৰক্ষা প্ৰদান কৰাকে ধৰি নিজকে (আমাৰ অধিকাৰ, বিষয়া, সম্পত্তি বা সামগ্ৰীসমূহকে ধৰি), আমাৰ ব্যৱহাৰকাৰীসকলক বা অন্য লোকসকলক সুৰক্ষিত কৰা।
  • আপোনাৰ যোগাযোগৰ তথ্য
  • আপুনি আমাক দিয়া তথ্য
  • ডিভাইচ আৰু সংযোগৰ তথ্য
  • ব্যৱহাৰ আৰু লগৰ তথ্য
  • তৃতীয় পক্ষৰ তথ্য
  • কুকিসমূহ
আপোনাৰ সন্মতি
আপুনি আমাক আপোনাৰ সন্মতি দিয়াৰ সময়ত আমি তলত বৰ্ণনা কৰা উদ্দেশ্যসমূহৰ বাবে তথ্য প্ৰক্ৰিয়াকৰণ কৰোঁ৷ ব্যৱহৃত তথ্যৰ বৰ্গসমূহ আৰু ইয়াৰ প্ৰক্ৰিয়া কিয় আৰু কেনেকৈ কৰা হয় সেয়া তলত উল্লেখ কৰা হৈছে:
আমি আপোনাৰ তথ্য কিয় আৰু কেনেকৈ প্ৰক্ৰিয়াকৰণ কৰোঁব্যৱহৃত তথ্যৰ শ্ৰেণী
আপোনাক বিপণন সম্পৰ্কীয় যোগাযোগ প্ৰেৰণ কৰিবলৈ (য'ত আপোনাৰ সন্মতিৰ ওপৰত ভিত্তি কৰি), যেতিয়া আমি আপোনাৰ সন্মতিৰ ওপৰত ভিত্তি কৰি আপোনাৰ তথ্য প্ৰক্ৰিয়াকৰণ কৰোঁ, সন্মতি প্ৰত্যাহাৰ কৰাৰ আগতে এনে সন্মতিৰ ওপৰত ভিত্তি কৰি প্ৰক্ৰিয়াকৰণৰ বৈধতাক প্ৰভাৱিত নকৰাকৈ যিকোনো সময়তে তলত উল্লেখ কৰা যোগাযোগৰ তথ্য ব্যৱহাৰ কৰি আমাৰ সৈতে যোগাযোগ কৰি আপোনাৰ সন্মতি প্ৰত্যাহাৰ কৰাৰ অধিকাৰ আছে।
আপুনি প্ৰতিটো ইমেইলৰ তলত অন্তৰ্ভুক্ত কৰা “আনছাবস্ক্ৰাইব কৰক” লিংকটোত ক্লিক কৰি যিকোনো সময়তে ইমেইলত বিপণন সম্পৰ্কীয় যোগাযোগ লাভ কৰাৰ পৰা আনছাবস্ক্ৰাইব কৰিব পাৰে৷
  • আপোনাৰ যোগাযোগৰ তথ্য
এটা আইনী বাধ্যবাধকতা মানি চলা
আমি আইনী বাধ্যবাধকতা মানি চলিবলৈ তথ্য প্ৰক্ৰিয়াকৰণ কৰোঁ, য'ত যদি কোনো বৈধ তথ্য থাকে, তেন্তে নিৰ্দিষ্ট কিছুমান তথ্য এক্সেছ কৰা, সংৰক্ষণ কৰা বা সদৰী কৰাৰ দৰে তথ্য অন্তৰ্ভুক্ত।
আমি আপোনাৰ তথ্য কিয় আৰু কেনেকৈ প্ৰক্ৰিয়াকৰণ কৰোঁব্যৱহৃত তথ্যৰ শ্ৰেণী
আমি কোনো আইনী বাধ্যবাধকতা পূৰ কৰিলে, যেনে- কোনো নিয়ন্ত্ৰক, আইন বলবৎকাৰী সংস্থা অথবা অন্য কোনোৱে কৰা মান্য আইনী অনুৰোধ থাকিলে নিৰ্দিষ্ট কিছুমান তথ্য় এক্সেছ, সংৰক্ষণ অথবা সদৰী কৰাৰ বাধ্যবাধকতা পূৰ কৰিলে তথ্য প্ৰক্ৰিয়াকৰণ কৰিবলৈ। উদাহৰণস্বৰূপ, কোনো অনুসন্ধানৰ সৈতে সম্পৰ্কিত তথ্য প্ৰদান কৰিবলৈ আইৰিছ আইন বলবৎকাৰী সংস্থাৰ পৰা ছাৰ্চ ৱাৰেণ্ট বা উপস্থিত হোৱাৰ আদেশ, যেনে আপোনাৰ IP ঠিকনা।
  • আপোনাৰ যোগাযোগৰ তথ্য
  • আপুনি আমাক দিয়া তথ্য
  • ডিভাইচ আৰু সংযোগৰ তথ্য
  • ব্যৱহাৰ আৰু লগৰ তথ্য
  • তৃতীয় পক্ষৰ তথ্য
  • কুকিসমূহ
আপোনাৰ বা অন্য কোনো লোকৰ গুৰুত্বপূৰ্ণ স্বাৰ্থৰ সুৰক্ষা
যেতিয়া কাৰোবাৰ গুৰুত্বপূৰ্ণ স্বাৰ্থৰ সুৰক্ষাৰ প্ৰয়োজন হয়, আমি তথ্য প্ৰক্ৰিয়াকৰণ কৰোঁ৷
আমি আপোনাৰ তথ্য কিয় আৰু কেনেকৈ প্ৰক্ৰিয়াকৰণ কৰোঁব্যৱহৃত তথ্যৰ শ্ৰেণী
জৰুৰীকালীন পৰিস্থিতিৰ দৰে পৰিস্থিতিত কাৰোবাৰ গুৰুত্বপূৰ্ণ স্বাৰ্থৰ সুৰক্ষাৰ প্ৰয়োজন হ'লে আমি আইন বলৱৎকাৰী সংস্থা আৰু আনৰ সৈতে তথ্য ভাগ-বতৰা কৰোঁ৷ এই গুৰুত্বপূৰ্ণ স্বাৰ্থত আপোনাৰ অথবা অন্য কোনো লোকৰ জীৱনৰ সুৰক্ষা, শাৰীৰিক বা মানসিক স্বাস্থ্য, সুস্থতা বা অখণ্ডতা বা আনৰ সুৰক্ষা অন্তৰ্ভুক্ত।
  • আপোনাৰ যোগাযোগৰ তথ্য
  • আপুনি আমাক দিয়া তথ্য
  • ডিভাইচ আৰু সংযোগৰ তথ্য
  • ব্যৱহাৰ আৰু লগৰ তথ্য
  • তৃতীয় পক্ষৰ তথ্য
  • কুকিসমূহ

9. গোপনীয়তা নীতিত কৰা আপডে’টসমূহ

আমি সময়ে সময়ে আমাৰ গোপনীয়তা নীতি সংশোধন বা আপডে'ট কৰিব পাৰোঁ। আমি নতুন গোপনীয়তা নীতি প’ষ্ট কৰিম, একেবাৰে ওপৰত থকা “অন্তিমবাৰ সংশোধন কৰা” তাৰিখটো আপডে'ট কৰিম আৰু প্ৰযোজ্য আইন অনুসৰি প্ৰয়োজনীয় অন্য যিকোনো পদক্ষেপ ল’ম। অনুগ্ৰহ কৰি সময়ে সময়ে আমাৰ গোপনীয়তা নীতি পৰ্যালোচনা কৰক।

10. আপোনাৰ তথ্যৰ বাবে কোন দায়বদ্ধ

আমি সময়ে সময়ে আমাৰ গোপনীয়তা নীতি সংশোধন বা আপডে'ট কৰিব পাৰোঁ। আমি নতুন গোপনীয়তা নীতি প’ষ্ট কৰিম, একেবাৰে ওপৰত থকা “অন্তিমবাৰ সংশোধন কৰা” তাৰিখটো আপডে'ট কৰিম আৰু প্ৰযোজ্য আইন অনুসৰি প্ৰয়োজনীয় অন্য যিকোনো পদক্ষেপ ল’ম। অনুগ্ৰহ কৰি সময়ে সময়ে আমাৰ গোপনীয়তা নীতি পৰ্যালোচনা কৰক।
যদি আপুনি “ইউৰোপীয় অঞ্চল”ৰ কোনো দেশ বা ভূ-খণ্ডত বাস কৰে (য’ত ইউৰোপীয় ইউনিয়নৰ দেশ আৰু অন্যান্য দেশসমূহ অন্তৰ্ভুক্ত: এণ্ডোৰা, অষ্ট্ৰিয়া, আজোৰ্‌ছ, বেলজিয়াম, বুলগেৰিয়া, কেনেৰী দ্বীপপুঞ্জ, চেনেল দ্বীপপুঞ্জ, ক্ৰ'ৱেচিয়া, চেক গণৰাজ্য, ডেনমাৰ্ক, ইষ্ট'নিয়া, ফিনলেণ্ড, ফ্ৰান্স, ফ্ৰেন্স গিয়ানা, জাৰ্মানী, জিব্ৰাল্টাৰ, গ্ৰীচ, গুয়াডেলুপ, হাংগেৰী, আইচলেণ্ড, আয়াৰলেণ্ড, আইল অফ মেন, ইটালী, লাটভিয়া, লিচেনষ্টেইন, লিথুৱানিয়া, লাক্সেমবাৰ্গ, মাদেইৰা, মাল্টা, মাৰ্টিনিক, মেয়'ট, ম'নেকো, নেদাৰলেণ্ড, নৰৱে', পোলেণ্ড, পৰ্তুগাল, ৰিপাব্লিক অফ চাইপ্ৰাছ, ৰিইউনিয়ন, ৰোমানিয়া, ছান মেৰিনো, চেন্ট-মাৰ্টিন, শ্লোভাকিয়া, স্লোভেনিয়া, স্পেইন, ছুইডেন, চুইজাৰলেণ্ড, যুক্তৰাজ্য, চাইপ্ৰাছত থকা যুক্তৰাজ্যৰ সাৰ্বভৌম ঘাটি (আক'টিৰি আৰু ধেকেলিয়া) আৰু ভেটিকান চিটি) বা আপুনি যদি ইউএছ বা কানাডাৰ বাহিৰত বাস কৰে, আপোনাৰ তথ্যৰ বাবে দায়বদ্ধ ডাটা নিয়ন্ত্ৰক হৈছে Meta Platforms Ireland Limited।
আপুনি উদি ইউএছ বা কানাডাত বাস কৰে, তেন্তে আপোনাৰ তথ্যৰ বাবে দায়বদ্ধ সংস্থাটো হৈছে Meta Platforms Inc.

11. আমাৰ সৈতে যোগাযোগ কৰক

যদি আপোনাৰ এই গোপনীয়তা নীতিৰ বিষয়ে কোনো প্ৰশ্ন আছে বা আপোনাৰ ব্যক্তিগত তথ্য আৰু আমাৰ গোপনীয়তা নীতি আৰু পদ্ধতিসমূহ সম্পৰ্কে কিবা প্ৰশ্ন, অভিযোগ বা অনুৰোধ আছে, তেন্তে আপুনি আমাৰ সৈতে যোগাযোগ কৰিব পাৰে। আপুনি workplace.team@fb.comত ইমেইলযোগে, বা ইয়ালৈ মেইল পঠিয়াই যোগাযোগ কৰিব পাৰে:
ইউএছ আৰু কানাডা:
Meta Platforms, Inc.
ATTN: Privacy Operations
1601 Willow Road
Menlo Park, CA 94025
বিশ্বৰ বাকী অংশ (ইউৰোপীয় অঞ্চলকে ধৰি):
Meta Platforms Ireland Limited
Merrion Road
Dublin 4
D04 X2K5
আয়াৰলেণ্ড
Meta Platforms Ireland Limited-ৰ বাবে থকা ডাটা সুৰক্ষা বিষয়াৰ সৈতে ইয়াত যোগাযোগ কৰিব পাৰি।